- দেওবাৰে নিশা ইউপিপিএল-বিজেপি মিত্ৰজোটৰ প্ৰাৰ্থী গোবিন্দ বসুমতাৰীৰ সমৰ্থনত ওদালগুৰি চহৰত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিশাল ৰোড শ্ব’।
- ৰোড শ্ব’ত অংশ লৈ হাগ্ৰামাক কটাক্ষ হিমন্ত বিশ্ব শৰ্মাৰ।
- যিজন মানুহে নিজেই নিৰ্বাচনত হাৰিছে তেওঁ ১২/১৩ খন আসনৰ ঠিকা কেনেকৈ ল’ব বুলি কয় মন্ত্ৰী শৰ্মাই।
- বিটিচিত জন্ম হোৱা নতুন উগ্ৰপন্থী সংগঠন সন্দৰ্ভতো মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ।
- ‘বাথাৰ লগত সন্ত্ৰাসবাদ কৰিলে জেললৈ যাব হাগ্ৰামা মহিলাৰী।’
- ‘যদি হাগ্ৰামাই বাথাক উৎসাহিত কৰে তেতিয়া তেওঁ জেলত যাব লাগিব।’
- ‘কোকৰাঝাৰত গাড়ীত অস্ত্ৰ ধৰা গোচৰৰ তদন্তৰ বাবে NIA ক অৰ্পন কৰা হ’ব।
- ‘বিটিআৰত আৰু অশান্তি কৰিব দিয়া নহ’ব, আমি বাথাক ভয় নকৰো।’
- ‘বিটিআৰত পুনৰ বম-বাৰুদৰ খেলা হ’বলৈ দিয়া নহ’ব।’
- ‘মই হাগ্ৰামা মহিলাৰীক কেয়াৰ নকৰো।’
- ‘এই যে অস্ত্ৰবোৰ ওলাই আছে, ইয়াৰ এটা এটাকৈ হিচাপ হ’ব নিৰ্বাচনৰ পিছত।’
- বিটিচিৰ ১২ খন আসনে লাভ কৰিব বুলিও দাবী হিমন্ত বিশ্ব শৰ্মাৰ।
- অসমত লক’ডাউন নহয় বুলি পুনৰ স্পষ্ট কৰিলে হিমন্ত বিশ্ব শৰ্মাই।
- অসমত এইবাৰ ধুম ধামেৰে বিহু হ’ব বুলিও মন্তব্য।
The post মই হাগ্ৰামা মহিলাৰীক কেয়াৰ নকৰোঃ হিমন্ত বিশ্ব শৰ্মা… appeared first on Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.