DIGITAL

June 10, 2023

APTCE 18538973148

মহাপুৰুষ শ্ৰীশ্ৰীমাধৱদেৱৰ জন্মস্থান লেটেকুপুখুৰীত দৌল উৎসৱ উদ্‌যাপন

ডিজিটেল সংবাদ,বান্দৰদেৱাঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে নাৰায়ণপুৰস্থিত মহাপুৰুষ শ্ৰীশ্ৰীমাধৱদেৱৰ জন্মস্থান লেটেকুপুখুৰীত দুদিনীয়া কাৰ্যসুচীৰে দৌল উৎসৱ উদ্‌যাপন কৰা হয় ৷ দেওবাৰৰে পৰা অনুষ্ঠিত দৌল উৎসৱৰ সোমবাৰে মহাপুৰুষ জনাৰ জন্মস্থানত নাম-কীৰ্তনৰ পাছত সত্ৰাধিকাৰ জনাৰ্দ্দন দেৱগোস্বামীৰ নেতৃত্বত ভাগৱত শোভাযাত্ৰা আৰম্ভ হয় ৷

সম্পূৰ্ণ ধৰ্মীয় পৰম্পৰাৰে পালন কৰা এই দৌল উৎসৱত দিহানাম-হৰিনাম পৰিৱেশনেৰে গুৰুজনাৰ জন্মস্থানত বিগত বছৰবোৰৰ দৰে এইবেলিও ফাকুৱা উদ্‌যাপন কৰি গুৰুজনাৰ শ্ৰীচৰণত ৰাজ্যবাসীৰ শান্তি কামনা কৰা হয়৷

The post মহাপুৰুষ শ্ৰীশ্ৰীমাধৱদেৱৰ জন্মস্থান লেটেকুপুখুৰীত দৌল উৎসৱ উদ্‌যাপন appeared first on Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.