ডিজিটেল সংবাদ, মাজুলীঃ সত্ৰ সমূহৰ অন্যতম মূল উৎসৱ ফল্গু উৎসৱ। সত্ৰপীঠ
মাজুলীৰ সত্ৰসমূহত ৩ দিনীয়াকৈ শ্ৰীশ্রীকৃষ্ণৰ দৌলযাত্ৰা মহোৎসৱ পালন কৰা হয় । মুখাশিল্পৰ বাবে বিখ্যাত নতুন চামগুৰি সত্ৰত অধিবাসেৰে মহোৎসৱৰ আৰম্ভ হয় । সত্ৰখনৰ ভকত-বৈষ্ণৱসকলে গায়ন-বায়ন, নাম-প্ৰসংগ কৰি নামঘৰৰ পৰা গোঁসাই উলিয়াই দৌলঘৰত দৌলগোবিন্দক প্ৰতিষ্ঠা কৰে।
অধিবাস কাৰ্যসূচী আৰম্ভ হোৱা দৌল উৎসৱত বৰ্ণাঢ্য কাৰ্যসূচী ৰূপায়ন কৰে। সোমবাৰে প্ৰাতঃকীৰ্ত্তন, আইসকলৰ নাম, খোল প্ৰসংগ, নাম-কীৰ্ত্তন আৰু দুপৰীয়া সত্ৰীয়া পৰম্পৰা অনুসৰি হোলীগীত , বৰগীত আৰম্ভ কৰা এই ফল্গু উৎসৱ দিনোৱা কাৰ্যসূচী চলিব ।
উৎসৱত আমন্ত্ৰিত অতিথিৰ দ্বাৰা সাংস্কৃতিক অনুস্থান পৰিবেশন কৰা হয় ৷ ইয়াৰ পাছতে ফুৰনি পালন কৰা হয়। সকলো ভকত-বৈষ্ণৱে দৌলগোবিন্দক লৈ ফাকু চতিয়াই উলহ-মালহেৰে পালন কৰে ।
মাজুলীৰ ঐতিহাসিক গড়মূৰ সত্ৰতো সোমবাৰে সম্পূৰ্ণ সত্ৰীয়া পৰম্পৰাৰে হোলী গীত গাই বোকাখেল খেলা হয়। ইয়াৰ উপৰিও ঐতিহাসিক চামগুৰি , দক্ষিণ পাট সত্ৰত দৌলগোবিন্দক ৰথত বহুৱাই হোলীগীত গাই পৰিভ্ৰমণ কৰে। আউনীআটী, দক্ষিণপাট, বেঙেনাআটী,গড়মূৰ সত্ৰতো উদযাপন কৰিছে শ্ৰীশ্রীকৃষ্ণৰ দৌলযাত্ৰা মহোৎসৱ।
The post সত্ৰনগৰী মাজুলীত শ্ৰীশ্রীকৃষ্ণৰ দৌলযাত্ৰা মহোৎসৱ পালন appeared first on Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.